SEBA Class 6 Assamese MIL Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ | Class 6 Assamese
SEBA Class 6 Assamese MIL Chapter 6 Question Answer – ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ষষ্ঠ অধ্যায় ‘বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ’ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ ইয়াত সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। এই পাঠত বৈজ্ঞানিক চিন্তা-চৰ্চা, যুক্তিবাদী মানসিকতা, অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে।
পাঠ ৬: বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ – প্ৰশ্ন উত্তৰ
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৪–৬৫)
১। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা।
(ক) সৰ্পই দংশন কৰিলে কি কৰা উচিত?
- (ক) চাফ-চিকুণকৈ থকা উচিত।
- (খ) ৰাশিফল চোৱা উচিত।
- (গ) বেজৰ ওচৰলৈ যোৱা উচিত।
- (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।
উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।
(খ) আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে?
- (ক) ই সৰু কথা হোৱাৰ বাবে।
- (খ) ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে।
- (গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।
- (ঘ) আমি শিক্ষা-দীক্ষাত পিছ পৰি থকাৰ বাবে।
উত্তৰ: (গ) ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে।
২। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ: দৈনিক ৰাশিফল চাই নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়ক। ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো বৈজ্ঞানিক ভিত্তি বা যুক্তি নাই। সেয়েহে (গ) উত্তৰটো শুদ্ধ বুলি বাছি ল’লোঁ।
৩। ‘ক’ অংশৰ শব্দবোৰৰ লগত ‘খ’ অংশৰ অৰ্থবোৰ মিলোৱা।
উত্তৰ:
- অনুসন্ধিৎসু – কৌতূহলী।
- স্বাস্থ্যসন্মত – স্বাস্থ্যকৰ।
- যুক্তিনিষ্ঠ – যুক্তি থকা।
- বিৰল – পাবলৈ টান।
- বিকল্প – এটাৰ সলনি আন এটা।
- পৰম্পৰা – পূৰ্বৰপৰা চলি অহা নীতি।
- প্ৰজ্ঞা – তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান।
৪। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?
উত্তৰ: আনে কৈছে বাবেই কোনো কথা গ্ৰহণ নকৰি, নিজৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি-জাৰি চাই কিয় হয় বা কিয় নহয় চিন্তা কৰি সিদ্ধান্ত লোৱাটোৱেই বৈজ্ঞানিক মন। আনহাতে, সেই বৈজ্ঞানিক মনে দেখুৱাই দিয়া শুদ্ধ পথেৰে আগুৱাই যোৱাটোৱেই হ’ল বৈজ্ঞানিক মানসিকতা।
(খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়া-কলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি?
উত্তৰ: আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়া-কলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হ’ল অজ্ঞতা নাইবা বৈজ্ঞানিক মানসিকতাৰ অভাৱ।
(গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?
উত্তৰ: নাই, ভাল দিন-বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। কাৰণ কোনো কামৰ সফলতা দিন-বাৰৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।
(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?
উত্তৰ: ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত। তেতিয়াহে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগসুন্দৰ কৰিব পাৰিব।
(ঙ) অতীতত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
উত্তৰ: অতীতত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৬)
৫। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?
উত্তৰ: বাহিৰত পিন্ধা সাজবোৰত ধূলি-মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেই কাপোৰ সলাই চাফ-চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। এইটোৱেই ইয়াৰ আঁৰৰ বৈজ্ঞানিক ভিত্তি।
(খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে?
উত্তৰ: বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব, তেনে কোনো কথা নাই। এজন নিৰক্ষৰ লোকো বৈজ্ঞানিক মনৰ অধিকাৰী হ’ব পাৰে। ইয়াৰ বাবে তেওঁৰ প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ মন থাকিব লাগিব।
(গ) সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
উত্তৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ বিস্তৰ ক্ষতিসাধন কৰে। ব্যক্তি হিচাপে আৰু সমাজ হিচাপে উন্নতি কৰিবলৈ হ’লে আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ এৰিবই লাগিব।
ভাষা-অধ্যয়ন (পৃষ্ঠা ৬৬)
৬। তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ‘ইক’ প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা।
উত্তৰ:
- উপন্যাস – ঔপন্যাসিক।
- ইতিহাস – ঐতিহাসিক।
- শিক্ষা – শৈক্ষিক।
- বাণিজ্য – বাণিজ্যিক।
- ভূগোল – ভৌগোলিক।
৭। তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা।
উত্তৰ:
- বৈজ্ঞানিক – অবৈজ্ঞানিক।
- সময় – অসময়।
- সাধু – অসাধু।
- ন্যায় – অন্যায়।
- ক্লান্ত – অক্লান্ত।
- শান্ত – অশান্ত।
- ভয় – নিৰ্ভয়।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৭)
৮। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা।
উত্তৰ:
- সৰল – সৰলতা।
- নম্ৰ – নম্ৰতা।
- দৃঢ় – দৃঢ়তা।
- দুৰ্বল – দুৰ্বলতা।
- ভদ্ৰ – ভদ্ৰতা।
- উচ্চ – উচ্চতা।
৯। পাঠটোত –বোৰ, –বিলাক, –সমূহ, –খিনি, –সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা।
উত্তৰ:
- –বোৰ: কথাবোৰ, অন্ধবিশ্বাসবোৰ, কাৰণবোৰ, মানুহবোৰ, ল’ৰা-ছোৱালীবোৰ।
- –সমূহ: চেনেলসমূহ।
- –সকল: ব্যক্তিসকল।
জ্ঞান-সম্প্ৰসাৰণ (পৃষ্ঠা ৬৭)
১০। বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে – যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?
উত্তৰ: বাপুকণ আৰু আইমণিৰ ভিতৰত আইমণিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ যোৱাটো এটা অন্ধবিশ্বাস। আইমণিয়ে সেই অন্ধবিশ্বাসক বিশ্বাস নকৰি বাছত উঠিল, যিটো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক। আনহাতে, বাপুকণে অন্ধবিশ্বাসৰ বাবেই ৰৈ গ’ল আৰু ফলত তাৰ পৰীক্ষা বেয়া হ’ল।
বাপুকণৰ ঠাইত মই হোৱা হ’লে ময়ো আইমণিৰ দৰে অন্ধবিশ্বাসক নামানি বাছত উঠি সময়মতে বিদ্যালয়লৈ গ’লোঁহেঁতেন।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৮)
১১। নিৰ্দেশনা অনুসৰি কৰা।
(ক) পঢ়া, চোৱা আৰু লিখা।
প্ৰশ্ন: ৰামধেনুৰ সাতোটা ৰঙৰ নাম লিখা।
উত্তৰ: ৰামধেনুৰ সাতোটা ৰং হ’ল:
১। বেঙুনীয়া।
২। ঘন নীলা।
৩। নীলা।
৪। সেউজীয়া।
৫। হালধীয়া।
৬। সুমথিৰা।
৭। ৰঙা।
(খ) পঢ়া আৰু কৰি দেখুওৱা – নিউটনৰ চকৰি ঘূৰোৱা পৰীক্ষা।
উত্তৰ: এইটো এটা কৰ্মভিত্তিক ক্ৰিয়া-কলাপ। নিউটনৰ চকৰিত ৰামধেনুৰ সাতোটা ৰং অংকন কৰি চকৰি এটাক জোৰেৰে ঘূৰাই দিলে সাতোটা ৰং মিলি বগা ৰঙৰ দৰে দেখা যায়। ইয়াৰ পৰা বগা পোহৰত সাতোটা ৰং থকা কথাটো বুজিব পাৰি।
ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৯)
১২। প্ৰকল্প: আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা।
উত্তৰ:
(ক) বিজ্ঞানসন্মত ভিত্তি থকা কাম:
বাহিৰৰ পৰা আহি কাপোৰ-কানি সলাই চাফ-চিকুণ হৈহে পাকঘৰত সোমোৱা।
যুক্তি: বাহিৰত পিন্ধা সাজত ধূলি-মাকতি আৰু বিভিন্ন বীজাণু লাগি আহিব পাৰে। সেয়া সলাই পাকঘৰত সোমালে খাদ্য দূষিত হোৱাৰ সম্ভাৱনা কমে। সেয়েহে এই কামটো স্বাস্থ্যসন্মত।
(খ) বিজ্ঞানসন্মত ভিত্তি নথকা কাম (অন্ধবিশ্বাস):
যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ যোৱাটোক অশুভ বুলি ভবা।
যুক্তি: এইটো সম্পূৰ্ণ অন্ধবিশ্বাস। মেকুৰী পাৰ হৈ যোৱাৰ লগত যাত্ৰা ভাল বা বেয়া হোৱাৰ কোনো বৈজ্ঞানিক সম্পৰ্ক নাই।
