এটা ফুটা কলহ – Class 4 Assamese MIL Chapter 2 Question Answer
পাঠ: স্পন্দন – দ্বিতীয় ভাগ
শ্ৰেণী: চতুৰ্থ শ্ৰেণী
বিষয়: অসমীয়া (MIL)
অনুশীলনীৰ প্ৰশ্নোত্তৰ
১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ বৃত্তটো পূৰ কৰা।
(ক) পানীভাৰীজনে কলহবোৰৰ ভাৰ বাকী লৈ বাটটোৰ কোনফালেদি অহা-যোৱা কৰিছিল?
উত্তৰ: (গ) বাটটোৰ বাঁওফালে।
(খ) “বন্ধু, এতিয়াহে মনটো ভাল লাগিছে।” — নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল?
উত্তৰ: ফুটা কলহটোৰ পৰা পৰি যোৱা পানীৰে বাটৰ দাঁতিত ফুলগছবোৰ ফুলি উঠা দেখি।
২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা আৰু লিখা।
(ক) পানীভাৰীজনৰ ঘৰ ক’ত আছিল?
উত্তৰ: পানীভাৰীজনৰ ঘৰ গাঁৱত আছিল।
(খ) পানীভাৰীজনৰ ঘৰবাৰা নৈঘাটৰ দূৰত্ব কিমান আছিল?
উত্তৰ: পানীভাৰীজনৰ ঘৰবাৰা নৈঘাটৰ পৰা এমাইলমান দূৰত্বত আছিল।
(গ) ফুটা কলহটোৱে কিয় কান্দিছিল?
উত্তৰ: ফুটা কলহটোৰ গাত ফুটা থকাৰ বাবে বাটত আহোঁতে তাৰ পৰা পানী নিগৰি পৰিছিল। সেইবাবে সি নিজকে অকৰ্মণ্য বুলি ভাবি কান্দিছিল।
(ঘ) নুফুটা কলহটোৰ কিয় ভয় লাগিছিল?
উত্তৰ: নুফুটা কলহটোৱে ভাবিছিল যে ফুটা কলহটোৰ বাবে পানীভাৰীজনৰ পানী নষ্ট হৈছে আৰু ইয়াৰ বাবে পানীভাৰীজনৰ অসুবিধা হ’ব।
(ঙ) পানীভাৰীজনে কলহবোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল?
উত্তৰ: পানীভাৰীজনে বাটৰ দাঁতিত ফুলগছবোৰ দেখুৱাবলৈ কলহ দুটা বাটটোৰ কাষলৈ লৈ গৈছিল।
(চ) বাটটোৰ একাষে কিয় ফুল ফুলিছিল?
উত্তৰ: ফুটা কলহটোৰ পৰা সদায় পানী নিগৰি পৰাৰ ফলত বাটৰ দাঁতিত থকা ফুলগছবোৰত পানী পৰিছিল। সেইবাবে গছবোৰ ফুলি উঠিছিল।
৩। দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰা।
(ক) পানীভাৰীজন, ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় ভাল লাগিল?
উত্তৰ: মোৰ আটাইতকৈ ভাল লাগিল ফুটা কলহটোৰ চৰিত্ৰ। কাৰণ, নিজৰ অজানিতে সি বাটৰ দাঁতিত থকা ফুলগছবোৰক পানী যোগান ধৰিছিল। তাৰ বাবে ফুলগছবোৰ ফুলি উঠিছিল।
(খ) ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল — এই কথাষাৰৰ সাৰ্থকতা কেনেকৈ বুজি পালা?
উত্তৰ: ফুটা কলহটোৰ পৰা পানী নিগৰি পৰাৰ ফলত বাটৰ দাঁতিত থকা ফুলগছবোৰত পানী পৰিছিল আৰু সেইবোৰ ফুলি উঠিছিল। পানীভাৰীজনে ফুটা কলহটোক তাৰ এই উপকাৰৰ কথা বুজাই দিছিল। ইয়াৰ ফলত নুফুটা কলহটোৱেও বুজি পাইছিল যে সকলো বস্তুৰে কিবা নহয় কিবা মূল্য আছে।
৪। তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহবোৰৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা।
- নিতৌ — সদায়
- আহকাল — বিপদ-বিঘিনি
- অলাগতিয়াল — কামত নলগা
- জাতিষ্কাৰ — সুশোভিত
৫। ভাষা-অধ্যয়ন
(ক) তলত দিয়া বাক্যকেইটাৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা।
- বহুদিনৰ আগৰ কথা।
উত্তৰ: বহুদিনৰ, আগৰ, কথা।
- কলহটোৰ গাত সব ফুটা এটা হ’ল।
উত্তৰ: কলহটোৰ, গাত, সব, ফুটা, এটা, হ’ল।
(খ) তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট-পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো লিখা।
- ভাল এজন ল’ৰা বাম।
উত্তৰ: বাম এজন ভাল ল’ৰা।
- শ্ৰেণীত চতুৰ্থ তেৱেঁ পঢ়ে।
উত্তৰ: তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে।
৬। দলত আলোচনা কৰি কোৱা।
(ক) পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: পানী অনাৰ বাহিৰেও কলহত ধান, চাউল, দাইল আদি শস্য আৰু বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।
(খ) কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ?
উত্তৰ: কলহৰ বাহিৰেও আমি মাটিৰে গঢ়া টেকেলি, বাটি, থাল, চৰু, চাকি আৰু শৰাই আদি ব্যৱহাৰ কৰোঁ। এইবোৰত পানী, খাদ্যবস্তু আৰু বিভিন্ন বস্তু ৰখা হয়। মাটিৰ চাকিত তেল দি পোহৰৰ বাবেও ব্যৱহাৰ কৰা হয়।
৭। আমি কৰা বিভিন্ন কামত আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰোঁ। তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা।
উত্তৰ:
- মই প্ৰকৃতিক ভাল পাওঁ। সেইবাবে মই অনাহকত গছৰ ডাল-পাত নিছিঙো।
- মই চৰাই-চিৰিকটিক খাবলৈ পানী আৰু খাদ্য দিওঁ।
- মই গছপুলিত নিয়মীয়াকৈ পানী দিওঁ।
- মই ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখোঁ।
- মই জীৱ-জন্তুক মৰম কৰোঁ।
৮। তোমাৰ চৌপাশে থকা কি কি বস্তু তোমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে? লিখা।
উত্তৰ:
মোৰ চৌপাশে থকা গছ-গছনি, ফুল, চৰাই-চিৰিকটি আৰু জীৱ-জন্তুবোৰ মোৰ বেছি ভাল লাগে। গছ-গছনিয়ে আমাক বিশুদ্ধ বায়ু আৰু ছাঁ দিয়ে। ফুলবোৰে পৰিৱেশ সুন্দৰ কৰি তোলে। চৰাই-চিৰিকটিৰ মাতে মন আনন্দিত কৰে। সেইবাবে এইবোৰ মোৰ বৰ প্ৰিয়।
৯। তলত দিয়া ছবিখন চাই চৰাইৰ বাবে থকা ব্যৱস্থাটোৰ বিষয়ে বৰ্ণনা কৰি এটা দফা লিখা।
উত্তৰ:
ছবিখনত এডাল গছত চৰাইৰ বাবে এটা বাহৰ দৰে পাত্ৰ ওলোমাই থোৱা দেখা গৈছে। পাত্ৰটোত চৰাইয়ে বাহ সাজি থাকিব পাৰে। ওচৰতে চৰাইৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থাও কৰা হৈছে। চৰাই-চিৰিকটিক আমি মৰম কৰিব লাগে আৰু সিহঁতৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰিব লাগে। চৰাইবোৰে আমাৰ পৰিৱেশ সুন্দৰ কৰি তোলে।
