Chapter 10, Class 7, Assamese medium, প্ৰত্যাহ্বান

পাঠ – ১০: প্ৰত্যাহ্বান

শ্ৰেণী: সপ্তম | বিষয়: অসমীয়া (MIL)

ক – পাঠভিত্তিক ক্ৰিয়া

পৃষ্ঠা ৮১

১। পাঠটোৰ তিনিওটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।

(ক) সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল?

উত্তৰ: সৰুকালত প্ৰিন্সি গগৈয়ে কিছুমান লোকৰ পৰা মৰম আৰু সমমৰ্মিতাৰে আঁকোৱালি লোৱা ব্যৱহাৰ পাইছিল। আনহাতে, আন কিছুমান লোকে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল।

(খ) বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰ: এখন বিদ্যালয়ে প্ৰিন্সি গগৈক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। ফলত তেওঁ বিদ্যালয়ত নামভৰ্তি কৰোঁতে সমস্যাৰ সন্মুখীন হৈছিল।

(গ) পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?

উত্তৰ: পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ ভৰিৰ আঙুলিৰে ছবি অঁকা আৰু গান গোৱা বিষয়ত ৰাপ আছে।

(ঘ) দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল?

উত্তৰ: দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাই প্ৰথমে বৰ অসহায় অনুভৱ কৰিছিল। সীমাহীন বিষাদ-বেদনাই তেওঁক আৱৰি ধৰিছিল আৰু নানা চিন্তাই তেওঁৰ মনত জুমুৰি দিছিল।

(ঙ) সংগ্ৰামজ্যোতিয়ে ক’ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল?

উত্তৰ: সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত চাৰুকলাৰ পাঁচবছৰীয়া ডিপ্লোমা লাভ কৰি চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰিছিল।

(চ) সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী?

উত্তৰ: সংগ্ৰামজ্যোতি চিত্ৰকলাত পাৰদৰ্শী। তেওঁ নিজৰ তুলিকাৰ সহায়ত বিভিন্ন বিষয়ৰ ছবি বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰিব পাৰে।

(ছ) ‘আপোনাৰ দৰে মোৰো দুখন হাত আছিল’ কবিতাটি কোনে ৰচনা কৰিছিল?

উত্তৰ: ‘আপোনাৰ দৰে মোৰো দুখন হাত আছিল’ কবিতাটি জুলী বৰুৱাই ৰচনা কৰিছিল।

২। উত্তৰ লিখা।

(ক) কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল?

উত্তৰ: সোণাৰীৰ ‘ৰজাঢাপ প্ৰাথমিক বিদ্যালয়’ৰ কৰ্তৃপক্ষই প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল।

(খ) ‘এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ।’ ইয়াত জুলী বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে?

উত্তৰ: ইয়াত জুলী বৰুৱাই অনাদৰ আৰু অৱহেলাৰ মাজত জীৱন কটোৱা বিশেষভাৱে সক্ষম লোকসকলক ছাঁ দিব বিচাৰিছে। তেওঁলোকক খাদ্য, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভা আৰু সম্ভাৱনাৰ বিকাশ ঘটোৱাই জুলী বৰুৱাৰ উদ্দেশ্য।

৩। সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা।

উত্তৰ: মূকবধিৰ যুৱক সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডৰ পৰা চাৰুকলাৰ ডিপ্লোমা লাভ কৰি চিত্ৰকলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত বঁটা লাভ কৰিছিল। পঞ্চম ভাৰতীয় কলা প্ৰতিযোগিতাতো তেওঁ বিশেষ স্বীকৃতি লাভ কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত তেওঁৰ শিল্পকৰ্মই সুনাম অৰ্জন কৰিছিল। তেওঁৰ দৃঢ় মনোবল, নিয়মীয়া অনুশীলন আৰু শিল্পৰ প্ৰতি গভীৰ আত্মবিশ্বাসেই তেওঁক সফলতাৰ পথত আগুৱাই নিছিল।

খ – ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

পৃষ্ঠা ৮২

৪। বিপৰীতাৰ্থক শব্দ লিখা।

  • এন্ধাৰ — পোহৰ
  • সফল — বিফল
  • স্বাভাৱিক — অস্বাভাৱিক
  • জাগ্ৰত — সুপ্ত
  • অমংগল — মংগল
  • সক্ষম — অক্ষম
  • আনুষ্ঠানিক — অনানুষ্ঠানিক

৫। যুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা।

উত্তৰ:

  • বাধা-বিবাদ
  • বাধা-বিঘিনি
  • ধোঁৱা-কোঁৱা
  • অনাদৰ-অৱহেলা
  • অন্ন-বস্ত্ৰ
  • লেখা-মেলা
  • তথ্য-জনসংযোগ

৬। বাক্য ৰচনা কৰা।

  • আনুষ্ঠানিক: তেওঁক কালি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হ’ল।
  • গতিপথ: জীৱনৰ গতিপথত নানা বাধা-বিঘিনি থাকিবই।
  • প্ৰচেষ্টা: তেওঁৰ প্ৰচেষ্টা দেখি আমি সকলোৱে তেওঁক শলাগিছোঁ।
  • যন্ত্ৰণা: দুৰ্ঘটনাটোৰ যন্ত্ৰণা তেওঁ এতিয়াও পাহৰিব পৰা নাই।
  • কৰ্তব্য: পিতৃ-মাতৃক চোৱা-চিতা কৰা আমাৰ কৰ্তব্য।
  • প্ৰশংসা: সংগ্ৰামজ্যোতিয়ে তেওঁৰ কামৰ বাবে ভূয়সী প্ৰশংসা অৰ্জন কৰিছে।

গ – জ্ঞান সম্প্ৰসাৰণ

পৃষ্ঠা ৮২

৭। আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা।

উত্তৰ: আত্মবিশ্বাসে মানুহক জীৱনৰ সকলো বাধা-বিঘিনি অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। এই পাঠত প্ৰিন্সি গগৈ, জুলী বৰুৱা আৰু সংগ্ৰামজ্যোতিৰ জীৱনসংগ্ৰামে এই কথাটো প্ৰতিপন্ন কৰিছে। প্ৰিন্সি গগৈয়ে আত্মবিশ্বাসৰ বলত ভৰিৰ আঙুলিৰে লিখিবলৈ আৰু ছবি আঁকিবলৈ শিকিছিল। জুলী বৰুৱাই দুৰ্ঘটনাৰ পিছতো হতাশ নহৈ আন বিশেষভাৱে সক্ষম লোকসকলক সহায় কৰাৰ সপোন দেখিছিল। আনহাতে, সংগ্ৰামজ্যোতিয়ে নিজৰ চিত্ৰকলাৰ প্ৰতিভা আৰু আত্মবিশ্বাসৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছিল। এই উদাহৰণসমূহে দেখুৱাইছে যে আত্মবিশ্বাসে মানুহক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস আৰু জীয়াই থকাৰ প্ৰেৰণা দিয়ে।

পৃষ্ঠা ৮৩

৮। বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা।

উত্তৰ: বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ মই সকলোকে সমান মৰ্যাদা আৰু সন্মান প্ৰদান কৰিম। তেওঁলোকৰ প্ৰতি দয়া বা পুতৌ কৰাৰ সলনি তেওঁলোকৰ সামৰ্থ্য, প্ৰতিভা আৰু অধিকাৰক স্বীকৃতি দিম। বিদ্যালয় আৰু সমাজত তেওঁলোকৰ বাবে উপযুক্ত প্ৰৱেশৰ সুবিধা, সহায়ক উপকৰণ আৰু প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ জনসাধাৰণক সচেতন কৰিম। তেওঁলোকৰ সফলতাৰ কাহিনী আনৰ আগত দাঙি ধৰিম। এইদৰে সমাজত সমতা, সহমৰ্মিতা আৰু সঠিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ চেষ্টা কৰিম।

ঘ – প্ৰকল্প

পৃষ্ঠা ৮৩

৯। ধৰা, তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। তেওঁৰ এই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাৎকাৰ কেনেকৈ ল’বা তাৰে এটা আৰ্হি প্ৰস্তুত কৰা।

উত্তৰ (সাক্ষাৎকাৰৰ আৰ্হি):

মই (প্ৰশ্নকৰ্তা): নমস্কাৰ, ৰাহুল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হোৱাৰ বাবে তোমালৈ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন।

ৰাহুল (সাক্ষাৎকাৰদাতা): নমস্কাৰ। ধন্যবাদ।

মই: প্ৰথমে কোৱাচোন, এই বঁটা লাভ কৰি তোমাৰ কেনেকুৱা অনুভৱ হৈছে?

ৰাহুল: এই বঁটা লাভ কৰি মই অতি আনন্দিত হৈছোঁ। মোৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰি মই উৎসাহিত হৈছোঁ।

মই: তুমি সংগীতৰ অনুশীলন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? কেনেধৰণৰ অনুপ্ৰেৰণা পাইছিলা?

ৰাহুল: মই সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিলোঁ। মোৰ পিতৃ-মাতৃ আৰু সংগীত শিক্ষকৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিলোঁ।

মই: পঢ়া-শুনা আৰু সংগীত দুয়োটাকে সুষ্ঠুভাৱে সামৰি ল’বলৈ তুমি কেনেকৈ সময় বণ্টন কৰি আহিছা?

ৰাহুল: মই দৈনিক সময়সূচী প্ৰস্তুত কৰি পঢ়া-শুনা আৰু সংগীতৰ অনুশীলনৰ বাবে পৃথক সময় নিৰ্ধাৰণ কৰোঁ।

মই: ভৱিষ্যতে সংগীতক লৈ তোমাৰ লক্ষ্য কি?

ৰাহুল: ভৱিষ্যতে এগৰাকী সফল সংগীতজ্ঞ হ’ব বিচাৰোঁ আৰু দেশৰ নাম উজলাই তুলিব বিচাৰোঁ।

মই: আমাৰ বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলক তুমি কি উপদেশ দিবা?

ৰাহুল: নিজৰ লক্ষ্য স্থিৰ কৰি নিয়মীয়াকৈ অনুশীলন কৰিব লাগে। বিফলতাত হতাশ নহৈ আত্মবিশ্বাসেৰে আগবাঢ়িব লাগে।

মই: তোমাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ। তোমাৰ আগন্তুক জীৱন উজ্জ্বল হওক।

১০। শিক্ষা-দীক্ষা, খেলা-ধূলা, সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।

উত্তৰ (নমুনা তথ্য):

  • ষ্টিফেন হকিং: শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হোৱা সত্ত্বেও তেওঁ এগৰাকী বিশ্ববিখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল।
  • সুধা চন্দ্ৰন: কৃত্ৰিম ভৰিৰ সহায়ত নৃত্যশিল্পী আৰু অভিনেত্ৰী হিচাপে বিশেষ সুনাম অৰ্জন কৰিছে।
  • নিক ভুইচিচ: হাত-ভৰি নথকাকৈ জন্মগ্ৰহণ কৰিও তেওঁ এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে বিশ্বজুৰি পৰিচিত হৈছে।
  • হেলেন কেলাৰ: দৃষ্টি আৰু শ্ৰৱণশক্তি হেৰুৱাইও তেওঁ লেখিকা আৰু সমাজকৰ্মী হিচাপে বিশেষ সুনাম অৰ্জন কৰিছিল।

টোকা: এইটো এটা প্ৰকল্পমূলক কাম। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অঞ্চল বা দেশৰ আন বিশেষভাৱে সক্ষম সফল ব্যক্তিসকলৰ বিষয়েও তথ্য সংগ্ৰহ কৰি শ্ৰেণীত উপস্থাপন কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top