SEBA Class 7 Assamese MIL Chapter 2 – কালিকা লগা পাট-কাপোৰ Question Answer

SEBA Class 7 Assamese MIL Chapter 2 – কালিকা লগা পাট-কাপোৰ Question Answer

শ্ৰেণী: সপ্তম
বিষয়: অসমীয়া (MIL)
পাঠ: ২ – কালিকা লগা পাট-কাপোৰ
পাঠ্যপুথি: অংকুৰণ (সপ্তম ভাগ)
ব’ৰ্ড: SEBA / SCERT Assam

পৃষ্ঠা ১১ – শব্দাৰ্থ

  • চহকী – ধনী।
  • দেখনিয়াৰ – সুঠাম আৰু দেখিবলৈ ধুনীয়া।
  • বনকৰা – বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা।
  • ৰূপান্তৰিত – গঢ় বা আকাৰ সলনি হোৱা।
  • পেৰা – ধন-বস্তু সুমুৱাই থোৱা নলগোৱা কাঠৰ বাকচ।
  • জকমকীয়া – নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা।
  • প্ৰচলিত – চলি থকা।
  • সুশোভিত – সুসজ্জিত, অতি শোভাযুক্ত।
  • সৰহ – অধিক, বহুত, অনেক।

ক – পাঠভিত্তিক ক্ৰিয়া

২। উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?

উত্তৰ: চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উত্তৰ: চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উত্তৰ: ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিয়া হৈছিল।

(ঘ) কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?

উত্তৰ: কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(ঙ) আচিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

উত্তৰ: আচিক সম্প্ৰদায়ৰ লোকসকল মাতৃপ্ৰধান জাতি। সেই নিয়ম অনুসৰি ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

উত্তৰ: ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ওচৰৰ জান এটাত চেপা (খোকা) পাতি মাছ ধৰিবলৈ গৈছিল।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰ: কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই (চিত্ৰৰী) হৈ পৰিল।

পৃষ্ঠা ১২ – ক্ৰিয়া-কলাপ

৩। চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?

উত্তৰ: কাপোৰখনৰ বিশেষত্ব আছিল যে এটা বিশেষ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ তাত কোনোবাই হাত দিলে সেই ব্যক্তিজন চকুৰ পচাৰতে চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিত্ৰৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল?

উত্তৰ: ছোৱালীজনীয়ে (ঘৈণীয়েকে) কাপোৰখন ৰ’দত দি মাছ ধৰিবলৈ যাওঁতে গিৰিয়েকক বৰষুণ দিলেও কাপোৰখন নুচুবলৈ কৈ গৈছিল। কিন্তু ধাৰাসাৰে শিল-বৰষুণ অহাত গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখন সামৰিবলৈ গৈ তাত হাত দিলে। লগে লগে তেওঁ এটা সুশোভিত চিত্ৰৰী (ময়ূৰ) চৰাইলৈ ৰূপান্তৰিত হ’ল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?

উত্তৰ: গিৰিয়েকজনে কাপোৰখন চুই দিয়া কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ (মাইকী ম’ৰা চৰাই) ৰূপ পালে।

৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।

  • প্ৰচলিত – চলি থকা।
  • দেখনিয়াৰ – সুঠাম আৰু দেখিবলৈ ধুনীয়া।
  • চহকী – ধনী।
  • সুশোভিত – সুসজ্জিত।
  • সৰহ – বহুত।

খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি-বিৰাম চিহ্ন বহুওৱা।

উত্তৰ:

এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

পৃষ্ঠা ১৩ – ক্ৰিয়া-কলাপ

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্ৰিয়া থকা বাক্য:

১. সময়ত এজন দেখনিয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ’ল।
২. জীয়েক-জোঁৱায়েকে কাপোৰখন সযতনে ৰাখিছিল।

অসমাপিকা ক্ৰিয়া থকা বাক্য:

১. এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
২. কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে।

পৃষ্ঠা ১৪ – ক্ৰিয়া-কলাপ

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।

সমাপিকা ক্ৰিয়া:

  • যাম
  • নাযাওঁ
  • বুটলিম
  • পঢ়ে
  • চাওঁ

অসমাপিকা ক্ৰিয়া:

  • উঠি
  • আহি

গ – জ্ঞান সম্প্ৰসাৰণ

৮। পুৰণি কালত তোমাৰ ককা-আইতাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বৰ্তন ক’ত থোৱা, তাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:

কাপোৰ-কানি থোৱা ঠাই:

  • আলমাৰী
  • ৱাৰড্ৰ’ব
  • চেল্ফ
  • ড্ৰয়াৰ

বাচন-বৰ্তন থোৱা ঠাই:

  • ৰান্ধনি ঘৰৰ কেবিনেট
  • চেল্ফ
  • বাচন থোৱা ৰেক

৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।

উত্তৰ:

  • বৰশী: মাছ ধৰা বা মৰা কামত ব্যৱহাৰ কৰা হয়।
  • খালৈ: মাছ ধৰি থ’বলৈ ব্যৱহাৰ কৰা হয়।
  • পল: পানী কম থকা ঠাইত মাছ ধৰা কামত ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top