বিজ্ঞানৰ বিচিত্ৰ জগতখন Chapter 1, Class 6, Assamese medium ,

শ্ৰেণী: ষষ্ঠ
বিষয়: বিজ্ঞান
পাঠ্যপুথি: আমাৰ বিজ্ঞান (প্ৰথম ভাগ)
অধ্যায়: ১

অনুশীলনী

১। খালী ঠাই পূৰ কৰা—

(ক) বিজ্ঞান হ’ল ______ আৰু ______ৰ জৰিয়তে লাভ কৰা জ্ঞান।

উত্তৰ: বিজ্ঞান হ’ল পৰ্যৱেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান।

(খ) পৰ্যৱেক্ষণ, ______ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসন্মত পদ্ধতি।

উত্তৰ: আনুমানিক সিদ্ধান্ত।

(গ) ______ৰ বাবে আমি খাদ্য খাওঁ।

উত্তৰ: বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ।

(ঘ) পঞ্জাৱত মানুহে প্ৰধানকৈ ______ খায়।

উত্তৰ: ৰুটী।

(ঙ) কম্পাছত ______ থাকে।

উত্তৰ: চুম্বক।

২। শুদ্ধ উক্তিটোত (✔) চিন দিয়া—

(ক) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।

উত্তৰ: ✔ শুদ্ধ।

(খ) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ।

উত্তৰ: ✘ অশুদ্ধ।

(গ) বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে।

উত্তৰ: ✔ শুদ্ধ।

(ঘ) ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।

উত্তৰ: ✘ অশুদ্ধ।

(ঙ) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।

উত্তৰ: ✔ শুদ্ধ।

৩। চমু উত্তৰ দিয়া—

(ক) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?

উত্তৰ: মহাকাশচাৰীয়ে মহাকাশৰ পৰা পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।

(খ) কম্পাছৰ মূলবস্তু কি?

উত্তৰ: কম্পাছৰ মূলবস্তু হৈছে চুম্বকীয় সূঁচ। এই সূঁচডাল চুম্বকৰ দ্বাৰা নিৰ্মিত।

(গ) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?

উত্তৰ: মুক্তভাৱে ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ দিশত আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে।

(ঘ) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে?

উত্তৰ: নাৱিকসকলে সাগৰত কম্পাছ যন্ত্ৰৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। কম্পাছৰ চুম্বকীয় সূঁচই উত্তৰ-দক্ষিণ দিশ নিৰ্দেশ কৰে।

(ঙ) বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি?

উত্তৰ: বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ’ল—

  • পৰ্যৱেক্ষণ।
  • আনুমানিক সিদ্ধান্ত।
  • পৰীক্ষা।

৪। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা—

(i) উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল?

(ক) উৰাজাহাজ
(খ) ছাবমেৰিন
(গ) ৰে’লগাড়ী
(ঘ) মটৰগাড়ী

উত্তৰ: (ক) উৰাজাহাজ।

(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

(ক) দিশ নিৰ্ণয়ৰ কামত
(খ) গধুৰ বস্তু দাঙোতে
(গ) বস্তুৰ ওজন জুখিবৰ বাবে
(ঘ) বতাহৰ গতি জুখিবৰ বাবে

উত্তৰ: (ক) দিশ নিৰ্ণয়ৰ কামত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top