অধ্যায় ৫ঃ বৃত্তি
পাঠ ১: কোনে
ক্ৰিয়া-কলাপ — পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা।
(ক) ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে?
উত্তৰ: ঘৰবোৰ মিস্ত্ৰিয়ে সাজে বুলি কবিয়ে কৈছে।
(খ) মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে আন কি কি সাজে?
উত্তৰ: মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে মেজ আৰু চকী সাজে।
(গ) কবিৰ দেউতাকে চোলাবোৰ ক’ৰপৰা আনি দিয়ে?
উত্তৰ: কবিৰ দেউতাকে চোলাবোৰ বজাৰৰপৰা আনি দিয়ে।
(ঘ) আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন?
উত্তৰ: আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে ইমানবোৰ ফুলক কোনে চোলা কিনি দিয়ে বুলি সুধিলেহেঁতেন।
(ঙ) কবিয়ে আকাশ গঢ়োঁতা খনিকৰ বুলি কাক বুজাইছে?
উত্তৰ: কবিয়ে আকাশ গঢ়োঁতা খনিকৰ বুলি ভগৱানক বা সৃষ্টিকৰ্তাক বুজাইছে।
২। কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা ‘✓’ চিনটো পূৰোৱা।
উত্তৰ:
- (ক) ধুনীয়া আকাশখন কোনে সাজে? — ✓
- (খ) চোলাবোৰ বজাৰৰপৰা কোনে আনি দিয়ে?
- (গ) ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে? — ✓
- (ঘ) ফুলবোৰে ৰঙা-নীলা চোলাবোৰ ক’ত পায়? — ✓
- (ঙ) আকাশ গঢ়োঁতা খনিকৰজন কোন? — ✓
- (চ) ফুলবোৰক চোলা কোনে কিনি দিয়ে? — ✓
পৃষ্ঠা ৬৯ — ভাষা অধ্যয়ন
৪। কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোঁ আহা।
উত্তৰ:
একবচন (এটা বুজোৱা):
- চোলা
- মেজ
- চকী
- তৰা
- মোৰ
- খনিকৰজন
বহুবচন (এটাতকৈ অধিক বুজোৱা):
- ঘৰবোৰ
- চোলাবোৰ
- ফুলবোৰ
৫। তলৰ বাক্যকেইশাৰীলৈ মন কৰোঁ আহা।
এনেদৰে কি কি সাজে আৰু কি কি গঢ়ে লিখা।
উত্তৰ:
সাজে:
- মিস্ত্ৰিয়ে ঘৰ সাজে।
- বাইদেৱে পিঠা সাজে।
- ল’ৰাবোৰে মেজি সাজে।
- উৎসৱৰ তোৰণ সাজে।
- মাঘ বিহুত ভেলাঘৰ সাজে।
গঢ়ে:
- খনিকৰে আকাশ গঢ়ে।
- সোণাৰীয়ে গহনা গঢ়ে।
- কঁহাৰে বাচন-বৰ্তন গঢ়ে।
- কুমাৰে মাটিৰ বাচন-বৰ্তন গঢ়ে।
- মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গঢ়ে।
- দলং গঢ়ে।
- টোকোৰা চৰায়ে বাহ গঢ়ে।
পৃষ্ঠা ৭১
৭। “আকাশ গঢ়োঁতা খনিকৰজনক” — গঢ়োঁতা শব্দটো কেনেদৰে গঠিত হৈছে, চাওঁ আৰু তালিকাখন পূৰাওঁ আহা।
উত্তৰ:
- গঢ়োঁতা = গঢ় + ওঁতা
- লিখোঁতা = লিখ + ওঁতা
- পঢ়োঁতা = পঢ় + ওঁতা
- কৰোঁতা = কৰ + ওঁতা
- খাওঁতা = খা + ওঁতা
- চাওঁতা = চা + ওঁতা
জ্ঞান-সম্প্ৰসাৰণ
৮। তলৰ পদ্যফাকিত আঁচ টনা শব্দসমূহ সলনি কৰি তোমাৰ নিজৰ শব্দৰে পূৰ কৰা।
নমুনা উত্তৰ:
মোৰ খেলনাবোৰ
দোকানৰ পৰা
আনি দিয়ে আইতাই,
চৰাইবোৰে বাৰু
পোৱালিবোৰক এই
আহাৰবোৰ ক’ত পায়?
৯। তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত বৃত্তি বুজোৱা শব্দটো মিলোৱা।
উত্তৰ:
- জোতা চিলোৱাবলৈ — মুচী
- ৰোগৰ চিকিৎসা কৰাবলৈ — চিকিৎসক
- কাপোৰ চিলোৱাবলৈ — দৰ্জী
- মাটিৰ পাত্ৰ গঢ়াবলৈ — কুমাৰ
- বাঁহ-কাঠৰ সামগ্ৰী সজোৱাবলৈ — বাঢ়ৈ
পৃষ্ঠা ৭৩
১১। দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।
(ক) পাহিৰ আইতাক কি কামত পাকৈত?
উত্তৰ: পাহিৰ আইতাক ঊণ গোঁঠাত পাকৈত।
(খ) গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ ওচৰলৈ কিয় আহে?
উত্তৰ: গাঁৱৰ ডালিমী খুৰীয়েকহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকল পাহিৰ আইতাকৰ ওচৰলৈ ঊণ-গোঁঠা শিকিবলৈ আহে।
(গ) ঊণেৰে ছুৱেটাৰৰ বাহিৰে আৰু কি কি গুঁঠিব পাৰি?
উত্তৰ: ঊণেৰে ছুৱেটাৰৰ বাহিৰে মোজা, টুপি, মাফলাৰ আৰু হাতমোজা গুঁঠিব পাৰি।
(ঘ) পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে?
উত্তৰ: মেচিন কিনিলে কম সময়ৰ ভিতৰত বেছিকৈ ছুৱেটাৰ গুঁঠিব পাৰিব আৰু আয়ো বাঢ়িব, সেয়েহে পাহিয়ে মেচিন কিনিবলৈ কৈছে।
(ঙ) ঊণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন?
উত্তৰ: ঊণৰ কাম নকৰি তেওঁলোকে তাঁত বোৱা, হাঁহ-কুকুৰা পালন কৰা বা পিঠা-পনা বনাই বিক্ৰী কৰা আদি কাম কৰিব পাৰিলেহেঁতেন।
পৃষ্ঠা ৭৪
১২। তলৰ বাক্যদুটাত যথাস্থানত যতি চিনবোৰ বহুৱাওঁ আহা।
(ক) আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া
উত্তৰ: আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া!
(খ) এদিন তাই ডালিমী খুৰীয়েকক সুধিলে তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু
উত্তৰ: এদিন তাই ডালিমী খুৰীয়েকক সুধিলে, “তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু?”
পাঠ ২: জাপাৰকুছিৰ জাপি
পৃষ্ঠা ৭৬ — ক্ৰিয়া-কলাপ
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা।
(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?
উত্তৰ: জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।
(খ) জাপাৰকুছি কিয় বিখ্যাত?
উত্তৰ: জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।
(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পাৰ্গত?
উত্তৰ: জাপাৰকুছিৰ লোকসকলে বাঁহ-বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি, মাছ ধৰা সঁজুলি, বাদ্যযন্ত্ৰ আৰু বিশেষকৈ জাপি সজা কামত পাৰ্গত।
(ঘ) জাপি কিহেৰে সাজে?
উত্তৰ: জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।
(ঙ) অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?
উত্তৰ: অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে।
(চ) অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?
উত্তৰ: অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আধুনিক যন্ত্ৰ-পাতি কিনিলে আৰু কেইবাগৰাকী পাৰ্গত বাঢ়ৈক নিয়োগ কৰিলে।
২। তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে—
(ক) মাখিবাহা
(খ) গন্ধিয়া
(গ) জাপাৰকুছি
(ঘ) জাগ্ৰা
উত্তৰ: (গ) জাপাৰকুছি।
পৃষ্ঠা ৭৭ — ভাষা অধ্যয়ন
৪। তলৰ উদাহৰণটো চাই ‘মন্ত্ৰ’ শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন, আখৰ, শব্দ আদি লগ লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা।
উত্তৰ:
- মন্ত্ৰী
- মন্ত্ৰণা
- মন্ত্ৰিত্ব
- শুভমন্ত্ৰ
- মন্ত্ৰমুগ্ধ
জ্ঞান-সম্প্ৰসাৰণ
৫। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া।
শুদ্ধ বাক্যটোৰ কাষত থকা চিন পূৰোৱা।
- (ক) সকলো মানুহৰে বৃত্তি একে — অশুদ্ধ।
- (খ) মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে — শুদ্ধ।
- (গ) পৰিয়ালক পোহ-পাল দিয়াও এটি বৃত্তি — অশুদ্ধ।
- (ঘ) মানুহে প্ৰযুক্তিক বৃত্তি হিচাপে লোৱা নাই — অশুদ্ধ।
- (ঙ) বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে — শুদ্ধ।
পৃষ্ঠা ৭৮
৬। বাঁহেৰে সজা কেইবিধমান সঁজুলিৰ নামৰ তালিকা প্ৰস্তুত কৰা।
উত্তৰ:
খেতি-বাতিৰ সঁজুলি:
- মৈ
- পাচি
- খৰাহী
- ডুলি
মাছ ধৰা সঁজুলি:
- পল’
- জুলুকি
- চেপা
- খোকা
- জাকৈ
বাদ্যযন্ত্ৰ:
- বাঁহী
- গগনা
- টকা
- সুতুলি
৭। ভাবোঁ আৰু লিখোঁ আহা।
তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয় লিখা।
- প্ৰথম ছবি (ঢাৰি) — বাঁহ বা পাটিদৈৰে সজা হয়।
- দ্বিতীয় ছবি (খৰাহী) — বাঁহেৰে সজা হয়।
৮। ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰোঁ আহা।
উত্তৰ: শৰৎ এজন খেতিয়ক। তেওঁ পথাৰত হাল বাই আছে। তেওঁৰ লগত আন খেতিয়কসকলে পথাৰত ৰোৱনীয়ে কঠিয়া ৰুই আছে।
পৃষ্ঠা ৭৯ — প্ৰকল্প
৯। (ক) তোমাৰ প্ৰতিবেশী (ওচৰ-চুবুৰীয়া) পৰিয়ালৰ জীৱিকা (বৃত্তি)ৰ এখন তালিকা প্ৰস্তুত কৰা।
নমুনা উত্তৰ:
- শ্ৰী ৰমেন দাস — শিক্ষক
- শ্ৰীমতী কবিতা বৰা — নাৰ্ছ
- শ্ৰী হৰেশ শইকীয়া — খেতিয়ক
- শ্ৰী বিপুল কলিতা — ব্যৱসায়ী
